নৈ-উপনৈ, পুখুৰী, বিল, পৰিতক্ত জল ভণ্ডাৰ ইত্যাদিকে ধৰি প্ৰায় ২.৮৬লাখ হেক্টৰ জল-ভণ্ডাৰৰ সৈতে অসম এক বিশাল পৰিমানৰ মীন সম্পদৰ অধিকাৰী। এই সকলোবোৰৰ ওপৰিও ইয়াত আছে দুখন প্ৰধান নৈ, সেইয়া হল ব্ৰহ্মপূত্ৰ আৰু বৰাক আৰু লগত আছে বহুকেইখন উপনৈ। ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনত মাছৰ এক বিশেষ ভূমিকা আছে আৰু গ্ৰম্যাঞ্চলত মত্স্য কৃষি বা মত্স্য চিকাৰ এক উমৈহতিয়া জীৱিকা স্বৰূপ। গতিকে মত্স্য কৃষি অসমৰ আৰ্থ-সামজিক দিশটোৰ সৈতে উত্ঃপূতঃ ভাৱে জড়িত। মাছ আৰু মাছৰ বীজ উত্পাদন বৃদ্ধি কৰা, মীন আৰু ইয়াৰ আনুষাংগিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে অধ্যয়ন আৰু গৱেষণাৰ বিকাশ ঘটোৱা, বৈজ্ঞানীক কৃষিৰ প্ৰচলন কৰা, বহনক্ষম মীন প্ৰৱন্ধন অনুশীলনৰ জৰিয়তে মত্স্য উত্পদানৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্যৰে মত্স্য কৃষক, মাছমৰীয়া আৰু মত্স্য উদ্যমি সকলক সম্প্ৰসাৰণৰ সুবিধা প্ৰদান কৰা। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত শেহতীয়া তিনি বছৰত মত্স্য খণ্ডৰ উন্নয়নৰ হাৰ ৫.৩৬শতাংশ বৃদ্ধি পাইছে।