মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

আমি কি কৰো

  • মীন সঞ্চালকালয় হৈছে অসম চৰকাৰৰ মীন বিভাগৰ অধীনষ্ঠ ৰাপায়নকাৰী সংস্থা।

    লক্ষ্য

    ঘৰুৱা চাহিদা পূৰণ কৰা, পুষ্টিকতা সুৰক্ষা প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক উন্নয়ন সাধন কৰা আৰু সতেজ জলীয় মত্স্য উত্পাদনৰ ক্ষেত্ৰত এখন আগশাৰীৰ ৰাজ্য হিচাপে অসম গঢ়ি তোলা আদি বিভিন্ন উদ্দেশ্যৰে বহনক্ষম ভিত্তিত ৰাজ্যৰ মত্স্য খণ্ডৰ উত্পাদন বৃদ্ধি কৰা। ৰাষ্ট্ৰ সংঘৰ দীৰ্ঘকালীন উন্নয়নৰ লক্ষ্য(এছ.ডি.জি.) অনুসৰি আৰু লগতে আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় লৈ উঠি ৰপ্তানিৰ হাৰ বৃদ্ধি কৰিবলৈ মাছৰ অতিৰিক্ত উত্পদান কৰাৰ লক্ষ্যৰে বিভাগে বিভিন্ন উন্নয়নমূলক পৰিকল্পনা হাতত লৈছে। এছ.ডি.জি.ৰ অধীনষ্ঠ লক্ষ্য সমূহঃ হস্ৰকালীনঃ ৰাজ্যত মাছৰ পুষ্টিকতা চাহিদা পূৰণ কৰা, মধ্যকালীনঃ সস্তা দৰত ৰাজ্যৰ সকলো লোকৰ বাবে মাছ উপলব্ধ কৰোৱা আৰু বছৰি জনেপ্ৰতি ১৫ কিলোগ্ৰাম হিচাপত পুষ্টিকৰ পৰিপূৰক প্ৰদান কৰা, দীৰ্ঘকালীনঃ অতিৰিক্ত মত্স্য উতপাদনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্টৰ বাবেও মাছৰ যোগান ধৰা।

    অভিযান

    বিভাগৰ অভিযান হৈছে দীৰ্ঘকালীন উন্নয়নৰ প্ৰচাৰ কৰা, ইয়াক সুলভ কৰি তোলা আৰু সুৰক্ষিত কৰা, দায়িত্বশীল অনুশীলনৰ জৰিয়তে মীন সম্পদ সমূহৰ সংৰক্ষণ আৰু ব্যৱহাৰ কৰা আৰু লগতে তলত উল্লেখ কৰা লক্ষ্য সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি শক্তিশালী পাৰিপাৰ্শ্বিক প্ৰৱন্ধন ব্যৱস্থা গঢ়ি তোলা:

    প্ৰাকৃতিক মত্স্য সম্পদ সমূহৰ বহনক্ষম ব্যৱহাৰ

    মত্স্য কৃষি, মত্স্য কৃষিৰ বাবে নতুন নতুন ক্ষেত্ৰৰ বিকাশ, অল্প মূল্যৰ মাছৰ সমূহৰ প্ৰচাৰৰ জৰিয়তে মাছৰ উত্পাদন বৃদ্ধি কৰা

    মত্স্য উত্পাদন আৰু উত্পাদনক্ষমতা বৃদ্ধি কৰা

    সুৰক্ষিত ভাৱে মাছমৰাটো সুনিশ্চিত কৰা

    জীৱিকাৰ সুযোগ বৃদ্ধি কৰা

    মত্স্য খণ্ডৰ সৈতে জড়িত সকলৰ বাবে সামাজিক সুৰক্ষা আৰু কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰা

    মত্স্য সম্পদৰ সংৰক্ষণ আৰু প্ৰৱন্ধন কৰা

    কৃষিৰ পৰিৱৰ্তী পৰ্য্যায়ৰ উন্নত অনুশীলনৰ সুবিধা আগবঢ়োৱা আৰু উদ্যোগিক আৰু বজাৰকৰণৰ সংযোগৰ জৰিয়তে মূল্য সংযোজন কৰা

    কাৰ্য্যাৱলীসমূহ

    উক্ত খণ্ডৰ সামগ্ৰীক বিকাশৰ বাবে, বিভাগে “অধিক মাছৰ বিকাশ সাধন কৰা” এই ভাৱধাৰা আৰু লগতে তলত উল্লেখ কৰা দায়িত্ব সমূহৰ সৈতে কাৰ্য্যনিৰ্বাহ কৰে:

    সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ জৰিয়তে ৰাজ্যখনত মাছ আৰু উন্নত মানৰ মাছৰ বীজ উত্পাদন কৰা।

    অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মীন সম্পৰ্কীয় আঁচনি সমূহৰ ৰূপায়ন কৰা।

    মীন আৰু মীন সম্পৰ্কীয় ক্ষেত্ৰৰ ওপৰত গৱেষণা আৰু অধ্যয়নৰ বিষয় চিনাক্তকৰণ আৰু প্ৰচাৰ কৰা আৰু তৃণমূল পৰ্য্যায়লৈ ইয়াৰ লাভা-লাভ কঢ়িয়াই নিব পাৰি।

    মত্স্য কৃষি আৰু এই সম্পৰ্কীয় উদ্যোগিক/কাৰ্য্যক্ৰমৰ প্ৰচাৰ কৰিবলৈ সঠিক পৰিকল্পনা প্ৰস্তুত কৰিবৰ বাবে প্ৰ্ৰৰ্য্যাপ্ত/সম্বন্ধীয় সকলো প্ৰকাৰৰ তথ্য সগ্ৰহ, একগোটকৰণ, বিশ্লেষণ আৰু উপলব্ধ কৰোৱা।

    মীন আৰু মীন সম্পৰ্কীয় উদ্যোগৰ সৈতে জড়িত প্ৰকল্প প্ৰতিবেদন আৰু প্ৰস্তাৱৰ প্ৰস্তুতি/পৰীক্ষণৰ ক্ষেত্ৰত সঁহাৰি জনোৱা।

    মাছমৰীয়া/মত্স্য কৃষক আৰু মত্স্য উদ্যমী সকলক সম্প্ৰসাৰণৰ সেৱা প্ৰদান কৰা।