মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ

  • দেশত মত্স্য উত্পদান আৰু ইয়াৰ উত্পাদন ক্ষমতা বৃদ্ধি আৰু লগতে সামগ্ৰিক আৰু সংহত ভাৱে সমন্বয় ভিত্তিক মীন উন্নয়নৰ বাবে ভাৰত চৰকাৰৰ পশু পালন, দুগ্ধ আৰু মীন বিভাগ, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰনাধীন স্বায়ত্বশাসিত সংস্থা হিচাপে ২০০৬ চনত ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ(এন.এফ.ডি.বি.) প্ৰতিষ্ঠা কৰা হৈছিল। বিভিন্ন প্ৰকাৰৰ উন্নয়নমূলক কাৰ্য্যসূচী যেনে পুখুৰী আৰু টেংকত পৰ্য্যাপ্ত পৰিমাণে মত্স্য উত্পাদন কৰা, জলাশয় সমূহত কৃ্ষ্টি অনুযায়ী হস্তগত কৰি যোৱা, মত্স্য অৱতৰণ কেন্দ্ৰৰ দৰে আন্তঃগাঁথনি নিৰ্মাণ কৰা, মাছৰ বাকলি গুছোৱা কেন্দ্ৰ আৰু সৌৰ তাপৰ জৰিয়তে মাছ শুকোৱা, ঘৰুৱা বজাৰকৰণ কৰা, অলংকাৰযুক্ত মীন আৰু মাছমৰীয়া-মত্স্য পালক সকলৰ উন্নয়ন আৰু ক্ষমতা বৰ্ধন আদি সকলোবোৰৰ প্ৰতি ৰাজ্য চৰকাৰ/ৰূপায়ন প্ৰতিষ্ঠান সমূহে সঁহাৰি সহায় প্ৰদান কৰি থকা হৈছে।

    এই সংস্থাৰ মূল অভিযান হল, দেশত মাছৰ উত্পাদন আৰু লগতে মাছ উত্পাদনৰ ক্ষমতা বৃদ্ধিৰ জৰিয়তে সামগ্ৰিক ভাৱে মীন খণ্ডৰ উন্নয়ন সাধন কৰা; বৰ্ধিত জনসংখ্যাক পুষ্টিক প্ৰটিনৰ পৰিপূৰক যোগান ধৰা; দেশৰ সামগ্ৰীক অৰ্থনৈতিক উন্নয়নৰ গতি তৰান্বিত কৰা, স্বাস্থ্য উন্নয়নৰ ওপৰিও, অৰ্থনীতি, ৰপ্তানি, নিয়োগ আৰু পৰ্য্যটনৰ বিকাশ ঘটোৱা।

    ইয়াৰ উদ্দেশ্যাৱলী সমূহ:

    • মীন আৰু মত্স্য পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰা(উত্পাদন, প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ, পৰিবহন আৰু বজাৰকৰণ)
    • প্ৰাকৃতিক মতস্য উত্সৰ বহনক্ষম প্ৰৱন্ধন আৰু সংৰক্ষণ
    • মীন সমূহত মত্স্য উত্পাদন আৰু মত্স্য উত্পাদন ক্ষমতা বৃদ্ধিৰ বাবে অধ্যয়ন আৰু উন্নয়নৰ আধুনিক সা-সাৰঞ্জাম ব্যৱহাৰ কৰা
    • মীনৰ পৰ্য্যাপ্ত ব্যৱহাৰ আৰু ইয়াৰ ফলপ্ৰসু প্ৰৱন্ধন কৰিবলৈ আধুনিক আন্তঃগাঁথনিৰ পদ্ধতি ব্যৱহাৰ কৰা
    • মত্স্য পালন খণ্ডত মহিলা সকলক প্ৰশিক্ষণ প্ৰদান কৰা সৱলীকৰণ কৰা আৰু লগতে পৰ্য্যাপ্ত নিয়োগৰ সুবিধা সৃষ্টি কৰা
    • খাদ্য আৰু পুষ্টিকতা সুৰক্ষাৰ বাবে মাছৰ অৰিহণা বৃদ্ধি কৰা

    মত্স্য পালক আৰু উদ্যমী সকলক বৈজ্ঞানিক, প্ৰবন্ধকীয় আৰু আৰ্থিক সাহাৰ্য্য প্ৰদানৰ জৰিয়তে ৰাজ্যৰ সম্ভাৱনীয়তাৰ বিষয়ে উপলব্ধি কৰাটোৱেই হৈছে ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ লক্ষ্য। পুখুৰী আৰু টেংকত পৰ্য্যাপ্ত মাছৰ উত্পাদন কৰা, জলাশয় মীনৰ উন্নয়ন সাধন কৰা, ঘৰুৱা বজাৰকৰণ, প্ৰযুক্তিবিদ্যাৰ উন্নয়নকৰণ আৰু আন আন আনুসংগিক কাৰ্য্যক্ৰম সমূহৰ ক্ষেত্ৰত অসম ৰাজ্যই ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ পৰা সাহাৰ্য্য লাভ কৰিছে। এই কথা উল্লেখ নকৰিলেও হব যে যোৱাটো দশকত অসমৰ মীন আৰু মত্স্য পালন খণ্ডৰ যথেষ্ট উন্নয়ন হৈছে, কিন্তু ৰাজ্য খনত উপলব্ধ মত্স্য উত্পাদন উত্স সমূহৰ সম্ভাৱনীয়তাক বিজ্ঞান সন্মত প্ৰৱন্ধনৰ জৰিয়তে পূৰ্ণ ব্যৱহাৰ কৰাৰ যথেষ্ট পৰিসৰ আছে। ৰাজ্য খনৰ পূৰ্ণ সম্ভাৱনীয়তাৰ ব্যৱহাৰ আৰু মত্স্য পালক সকলক উত্সাহিত কৰিবলৈ আমি ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ পৰা সাহাৰ্য্য গ্ৰহণ কৰি আহিছো।

    অধিক সবিশেষৰ বাবে লগ ইন কৰক

    www.nfdb.gov.in