মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন কাৰ্য্যক্ৰম

  • ২০১৭-১৮ বৰ্ষত ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন কাৰ্য্যক্ৰমৰ অধীনষ্ঠ প্ৰধান আঁচনি সমূহ

    “মত্স্য জাগৰণ- ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ”: নতুন ব্যক্তিগত পুখুৰী নিৰ্মাণ আৰু মত্স্য কৃষি (সাধাৰণ এলেকা)

    মত্স্য কৃষি এলেকাৰ সম্প্ৰসাৰণ, বৈজ্ঞানীক পদ্ধতি ব্যৱহাৰৰ জৰিয়তে মাছৰ উত্পাদন বৃদ্ধি, আত্ম নিয়োগৰ সুবিধ সৃষ্টি কৰা আৰু লগতে আৰ্থ-সামাজিক উন্নয়ন সাধন কৰাৰ উদ্দেশ্যৰে প্ৰচাৰৰ আৰ্হিৰে সঠিক এলেকাত নতুন পুখুৰী নিৰ্মাণৰ জৰিয়তে মত্স্য কৃষিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা ব্যক্তিক এই আঁচনিৰ জৰিয়তে লক্ষ্য কৰি লোৱা হৈছে।

    ২০১৭-১৮ বৰ্ষত, হিতাধীকাৰিয়ে প্ৰতি সৰ্বোচ্চ ০.১৪ হেক্টৰ আৰু সৰ্বনিম্ন ০.১ হেক্টৰ জলীয় ক্ষেত্ৰৰ সৈতে মুঠ ৫৬ হেক্টৰ এলেকাৰ বাবে বিচাৰ-বিবেচনা অব্যাহত আছে।
    এই আঁচনিৰ বাবে একক খৰচৰ বিষয়ে তলত উল্লেখ কৰা হল:

    Swipe to view

     

     

                           চৰকাৰী অংশ

                        

                      হিতাধীকাৰীৰ অংশ

     

    অসামৰিক কাৰ্য্য (পুখুৰী নিৰ্মাণ)

     

    চিলিংৰ সৈতে সঠিক খৰচ অনুযায়ী প্ৰতি হেক্টৰত ৭.০০ লাখ

     

    ৯০ শতাংশ, চিলিংৰ সৈতে প্ৰতি হেক্টৰত ৬.৩০ লাখ টকা

    ১০ শতাংশ, সেইয়া হৈছে প্ৰতি হেক্টৰত ৭০ হাজাৰ টকা

    মত্স্য কৃষিৰ বাবে ইনপুট খৰচঃ

    চিলিংৰ সৈতে সঠিক খৰচ অনুযায়ী প্ৰতি হেক্টৰত ১.৫০ লাখ

     

    ৯০ শতাংশ, চিলিংৰ সৈতে প্ৰতি হেক্টৰত ১.৩৫ লাখ টকা

    ১০ শতাংশ, সেইয়া হৈছে প্ৰতি হেক্টৰত ১৫ হাজাৰ টকা

     

    পৰৱৰ্তী কৃষি ঋতুৰ সময়ত মত্স্য কৃষিৰ বাবে ইনপুট খৰচ সমূহ প্ৰদান কৰিব পাৰে।

    আশা কৰা মতে এই আঁচনিৰ অধীনত প্ৰায় ৪০০ গৰাকী ব্যক্তি লাভান্বিত হব আৰু বছৰি প্ৰায় ২০০টন মাছৰ উত্পাদন বৃদ্ধি পাব।

    “মত্স্য জাগৰণ- ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ” : নতুন ব্যক্তিগত পুখুৰী নিৰ্মাণ আৰু মত্স্য কৃষি (এছ.চি.এছ.পি.)

    তলত উল্লেখ কৰা খিনিৰ বাহিৰে ওপৰত উল্লেখ (ক্ৰমিক নং-১ত) কৰাৰ সৈতে একে:

    • লক্ষ্যস্থিত এলেকাঃ কেৱল অনুসূচীত জাতি সংৰক্ষিত সমষ্টিত ৭.৪ হেক্টৰ এলেকাৰ বাবে বিচাৰ-বিবেচনা
    • আশা কৰা মতে এই আঁচনিৰ অধীনত প্ৰায় ৫০ গৰাকী ব্যক্তি লাভান্বিত হব আৰু বছৰি প্ৰায় ২৫ টন মাছৰ উত্পাদন বৃদ্ধি পাব।

    “মত্স্য জাগৰণ- ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ” -২০১৬-১৭ চনত নিৰ্মাণ কৰা নতুন পুখুৰীৰ ইনপুট খৰচ

    ওপৰত ক্ৰমিক নং-১ত উল্লেখ কৰা একক খৰচ অনুযায়ী পূৰ্ব বৰ্ষ, সেইয়া হল ২০১৬-১৭ বৰ্ষত মত্স্য জাগৰণ কাৰ্য্যক্ৰমৰ অধীনত নতুন পুখুৰীৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰা হিতাধীকাৰি সকলক এই আঁচনিৰ অধীনত ইনপুট খৰচ প্ৰদান কৰা হব। এই আঁচনিৰ আধিনত প্ৰায় ৪৪ হেক্টৰ জলীয় ক্ষেত্ৰক লক্ষ্য কৰি লোৱা হৈছে আৰু লগতে বছৰি ১৫০ টন মাছ উত্পাদন হব বুলিও আশা প্ৰকাশ কৰা হৈছে।

    বীজ বেংক কাৰ্য্যসুচীঃ মাছৰ বীজ প্ৰতিপালন কৰিবৰ বাবে নতুন ব্যক্তিগত পুখুৰী নিৰ্মাণ

    মাছৰ উত্পাদন বৃদ্ধি কৰাৰ উদ্দেশ্যৰে ডাঙৰ পোনাৰ ৰূপত মাছৰ বীজ উপলব্ধ কৰা, মাছৰ বীজ প্ৰতিপালন ক্ষেত্ৰৰ সম্প্ৰসাৰণ কৰা, গ্ৰম্যাঞ্চলৰ লোকৰ আৰ্থ-সামাজিক স্থিতি সৱল কৰা আৰু আত্ম-নিয়োগৰ সুবিধা সৃষ্টি কৰা আদি সকলোবোৰ লক্ষ্য আগত ৰাখি সঠিক স্থানত নতুন প্ৰতিপালন পুখুৰী/টেংক নিৰ্মাণৰ জৰিয়তে মাছৰ বীজ প্ৰতিপালন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা ব্যক্তিগত কৃষক/প্ৰতিপালক/যুৱকক এই আঁচনিৰ অধীনত লক্ষ্য কৰি লোৱা হৈছে।

    ২০১৭-১৮ বৰ্ষৰ বাবে, ৰাজ্যখনৰ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলা সমূহত সৰু পোনা উত্পাদনৰ ভিত্তিত, হিতাধীকাৰিয়ে প্ৰতি সৰ্বোচ্চ ০.১৪ হেক্টৰ আৰু সৰ্বনিম্ন ০.১ হেক্টৰ এলেকাৰ সৈতে মুঠ ২৯ হেক্টৰ এলেকাৰ বাবে বিচাৰ-বিবেচনা কৰি থকা হৈছে। প্ৰতিটো কৃষি-জলবায়ু মণ্ডলত অধিক হাৰত সৰু পোনা উত্পাদনকাৰী জিলা সমূহক লক্ষ্য কৰি লোৱা হৈছে।

    এই আঁচনিৰ একক খৰচ আৰু অংশীদাৰিত্ব আৰ্হি তলত উল্লেখ কৰা হল:

    Swipe to view

     

    একক খৰচ

    চৰকাৰী অংশ

    হিতাধীকাৰিৰ অংশ

    অসামৰিক কাৰ্য্য (পুখুৰী নিৰ্মাণ)

    চিলিংৰ সৈতে সঠিক খৰচ অনুযায়ী প্ৰতি হেক্টৰত ৬.০০ লাখ

     

    ৯০ শতাংশ, চিলিংৰ সৈতে প্ৰতি হেক্টৰত ৫.৪০ লাখ টকা

    ২০ শতাংশ, সেইয়া হৈছে প্ৰতি হেক্টৰত ৬০ হাজাৰ টকা

    মত্স্য কৃষিৰ বাবে ইনপুট খৰচঃ

    চিলিংৰ সৈতে সঠিক খৰচ অনুযায়ী প্ৰতি হেক্টৰত ১.৫০ লাখ

     

    ৯০ শতাংশ, চিলিংৰ সৈতে প্ৰতি হেক্টৰত ১.৩৫ লাখ টকা

    ২০ শতাংশ, সেইয়া হৈছে প্ৰতি হেক্টৰত ১৫ হাজাৰ টকা

     

    কিন্তু, পৰৱৰ্তী কৃষি ঋতুৰ সময়ত মত্স্য কৃষিৰ বাবে ইনপুট খৰচ সমূহ প্ৰদান কৰিব পাৰে।

    আশা কৰা মতে এই আঁচনিৰ অধীনত প্ৰায় ২০০ গৰাকী ব্যক্তি লাভান্বিত হব আৰু বছৰি প্ৰায় ৪৫ লাখ ডাঙৰ পোনাৰ উত্পাদন হব।

    মাজুলী উন্নয়ন কাৰ্য্যক্ৰম

    মাজুলী উন্নয়ন কাৰ্য্যক্ৰমৰ অধীনত দুটা উপ-আঁচনি আছে:

    • বীজ বেংক কাৰ্য্যক্ৰমঃ মাছৰ বীজ প্ৰতিপালন কৰিবলৈ নতুন ব্যক্তিগত পুখুৰী নিৰ্মাণ। লক্ষ্য কৰি লোৱা ৪ হেক্টৰ এলেকাৰ বাহিৰে আৰু লগতে ২৮ জনকৈ লোকক লাভান্বিত কৰিব পৰাকৈ বছৰি ৬ লাখ ডাঙৰ পোনা উতপাদন কৰাৰ বাহিৰে ওপৰত উল্লেখ কৰাখিনিৰ(ক্ৰমিক নং-৪ত) সৈতে একে।
    • নৱীকৰণৰ পাছত বৰ্তি থকা পুখুৰী সমূহত মত্স্য ও গাহৰি পালন কৰা

      গাহৰি পালনৰ অভিজ্ঞতাৰে পৰিপুষ্ট লোকক অগ্ৰাধিকাৰ প্ৰদানৰ জৰিয়তে সংহত মত্স্য-গাহৰি পালন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা ব্যক্তিগত কৃষক/প্ৰতিপালক/যুৱকক এই আঁচনিৰ অধীনত লক্ষ্য কৰি লোৱা হৈছে। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে একেখিনি ঠাইয়ে ব্যৱহাৰ কৰি বহুগুণে লাভান্বিত হোৱা, যেনে মাছ আৰু গাহৰি দুয়োৰে ব্যৱসায়ৰ জৰিয়তে লাভান্বিত হোৱা, তাৰোপৰি মতস্য পালনৰ খৰচ হ্ৰাস কৰা।

      ২০১৭-১৮বৰ্ষৰ বাবে, তলত উল্লেখ কৰা একক খৰচ আৰু অংশীদাৰিত্বৰ আৰ্হিত হিতাধীকাৰিয়ে প্ৰতি ০.১ৰ পৰা ০.৫ হেক্টৰ এলেকাৰ জলীয় ক্ষেত্ৰৰ সৈতে বিশেষকৈ মাজুলী জিলাৰ বাবে মুঠ ১০ হেক্টৰ ভূমিৰ বাবে বিচাৰ-বিবেচনা কৰি থকা হৈছে:

      Swipe to view

       

      একক খৰচ

      চৰকাৰী অংশ

      হিতাধীকাৰিৰ অংশ

      অসামৰিক কাৰ্য্য (পুখুৰীৰ নৱীকৰণ/মেৰামতি/প্ৰস্তুতকৰণ আৰু গাহৰি ৰখা স্থান নিৰ্মাণ)

      চিলিংৰ সৈতে সঠিক খৰচ অনুযায়ী প্ৰতি হেক্টৰত ৫.০০ লাখ

       

      ৯০ শতাংশ, চিলিংৰ সৈতে প্ৰতি হেক্টৰত ৪.৫০ লাখ টকা

      ১০ শতাংশ, সেইয়া হৈছে প্ৰতি হেক্টৰত ৫০ হাজাৰ টকা

      মত্স্য কৃষি আৰু গাহৰি প্ৰতিপালনৰ বাবে ইনপুট খৰচঃ

      চিলিংৰ সৈতে সঠিক খৰচ অনুযায়ী প্ৰতি হেক্টৰত ২.৫০ লাখ

       

      ৯০ শতাংশ, চিলিংৰ সৈতে প্ৰতি হেক্টৰত ২.২৫ লাখ টকা

      ১০ শতাংশ, সেইয়া হৈছে প্ৰতি হেক্টৰত ২৫ হাজাৰ টকা

       

      কিন্তু, পৰৱৰ্তী কৃষি ঋতুৰ সময়ত কৃষিৰ বাবে ইনপুট খৰচ সমূহ প্ৰদান কৰিব পাৰে।

      আশা কৰা মতে এই আঁচনিৰ অধীনত প্ৰায় ২৫ গৰাকী ব্যক্তি লাভান্বিত হব আৰু বছৰি কমেও প্ৰায় ৩৫ টন মাছ আৰু ২৪ মেট্ৰিক টন গাহৰি উত্পাদন হব।

    মূল্য সংযোজিত মত্স্য সামগ্ৰী উত্পাদনৰ বাবে মহিলা আত্ম সহায়ক গোট সমূহক সাহাৰ্য্য প্ৰদান কৰা

    যিহেতু অসমৰ জনসাধৰণৰ বাবে মাছ এক প্ৰিয় খাদ্য আৰু মাছ সমূহ সকলোৱা সতেজ অৱস্থাত থকাটো বিচাৰে, গতিকে অন্য মূল্য সংযোজিত মত্স্য সামগ্ৰী সমূহ যেনে- মাছৰ আছাৰ, ওৱেফাৰ, গোলা, শুকান মাছ ইত্যাদিৰ বাহিৰেও ৰান্ধিবলৈ প্ৰস্তুত অৱস্থাত মাছৰ বজাৰকৰণ কৰাৰ বাবে, বিশেষকৈ চহৰ অঞ্চলত, যথেষ্ট সুযোগ আছে। মীন বিভাগে ইতিমধ্যেই কোচিৰ কেন্দ্ৰীয় মীন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(চি.আই.এফ.টি.) আৰু ৰহাৰ মীন মহাবিদ্যালয়ৰ সহযোগত মূল্য সংযোজিত মত্স্য সামগ্ৰীৰ সম্পৰ্কত আগ্ৰহী মহিলা আৰু মহিলা আত্ম সহায়ক গোটৰ বাবে ক্ষমতা বৰ্ধনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। এই ক্ষমতা বৰ্ধন কাৰ্য্যক্ৰমৰ পৰিৱৰ্তী কাৰ্য্যসুচী হিচাপে বাচনি কৰা মহিলা আত্ম সহায়ক গোট সমূহক সহায়তা প্ৰদান কৰিবৰ বাবেও এই আঁচনিৰ অধীনত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যাতে মীন সম্পৰ্কীয় কৃষি উত্পাদন সমূহ সংগ্ৰহৰ পৰৱৰ্তী কাৰ্য্যাৱলী ক্ষেত্ৰত উদ্যমীয়তা বৃদ্ধি পায়, মহিলা সৱলীকৰণ সম্ভৱ হৈ পৰে আৰু লগতে মূল্য সংযোজিত সামগ্ৰী সমূহৰ পৰ্য্যাপ্ত হাৰত প্ৰচাৰ হয়।

    নিৰ্ধাৰিত মাপকাঠীৰ সহায়ত জিলা মীন উন্নয়ন বিষয়াসকলে মহিলা আত্ম সহায়ক গোট সমূহ বাচনি কৰিব। ২০১৭-১৮ বৰ্ষত ১৫ মহিলা আত্ম সহায়ক গোটক লক্ষ্য কৰা হৈছে।

    হিতাধীকাৰি আৰু কৃষকসকলৰ প্ৰশিক্ষণ

    মত্স্য জাগৰণ, বীজ বেংক কাৰ্য্যক্ৰম, মাজুলী উন্নয়ন কাৰ্য্যক্ৰম আদি কাৰ্য্যক্ৰম সমূহৰ অধীনত মীন বিভাগে মাছ আৰু মাছৰ উত্পাদনৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই কাৰ্য্যক্ৰম সমূহৰ অধীনত কিছুসংখ্যক হিতাধীকাৰীক সহায় আগবঢ়োৱা হব। সৰহ সংখ্যক মত্স্য কৃষকেই ৰাজ্যত পৰম্পৰাগত পদ্ধতিৰে মাছ আৰু মাছৰ বীজ উত্পাদন কৰি আহিছে আৰু এই উত্পাদন কোনোপধ্যেই পৰ্য্যাপ্ত নহয়। সম্পদৰ পূৰ্ণ ব্যৱহাৰ আৰু পদ্ধতিগত সংস্কৰণৰ জৰিয়তে মাছৰ উত্পাদনৰ লগতে উপাৰ্জনৰ হাৰো বহু পৰিমাণে বৃদ্ধি কৰা সম্ভৱ। গতিকে বৈজ্ঞানীক পদ্ধতিৰ উত্পাদন কাৰ্য্যক্ৰম ৰূপায়ন কৰাৰ বিবেচনা কৰিলে কৃষক সকলৰ ক্ষমতা বৃদ্ধি কৰাটো নিত্যান্তই প্ৰয়োজন হৈ পৰিব। এই আঁচনিৰ উদ্দেশ্য হৈছে কৃষক আৰু হিতাধীকাৰি সকলৰ ক্ষমতা বৰ্ধন কৰা আৰু বৈজ্ঞানীক ভিত্তিত কৃষি কৰাৰ প্ৰতি আগ্ৰহি কৰি তোলা। এই আঁচনিৰ অধীনত ৪৫০ গৰাকী কৃষকক লক্ষ্য কৰি লোৱা হৈছে।