মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (আৰ.কে.ভি.ওৱাই.)

  • পৰিচয়

    ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ(এন.ডি.চি.) দ্বাৰা মুকলি কৰা কেন্দ্ৰৰ বিশেষ অতিৰিক্ত সাহাৰ্য্যৰ এক ৰাজ্যিক পৰিকল্পনা।

    এই আঁচনিৰ মূল উদ্দশ্য সমূহ হৈছে:

    • কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰত ৰাজহুৱা বিনিয়োগ বৃদ্ধি কৰাৰ বাবে ৰাজ্যক উত্সাহিত কৰা
    • কৃষি আৰু ইয়াৰ আনুষংগিক আঁচনি সমূহৰ কাৰ্য্যকৰণ আৰু পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য সমূহক নমনীয়তা আৰু স্বাধীনতা প্ৰদান কৰা
    • জিলা সমূহ আৰু ৰাজ্যৰ বাবে কৰা কৃষিজাত পৰিকল্পনা সমূহৰ প্ৰস্তুতি যাতে কৃষি-জলবায়ু সাপেক্ষ, উপলব্ধ প্ৰযুক্তিবিদ্যা আৰু প্ৰাকৃতিক সম্পদ ভিত্তিক হয় এই বিষয়ে সুনিশ্চিত হোৱা
    • ৰাজ্যৰ কৃষিজাত পৰিকল্পনাৰ জৰিয়তে স্থানীয় প্ৰয়োজন/শস্য/অগ্ৰাধিকাৰ সমূহ ভালদৰে ফুটি উঠাটো নিশ্চিত কৰা
    • গুৰুত্ব প্ৰদানকাৰী হস্তক্ষেপৰ জৰিয়তে গুৰুত্বপূৰ্ণ শস্য উত্পাদনৰ যি ব্যৱধান সেইয়া হ্ৰাস কৰাৰ লক্ষ্যত উপনীত হোৱা
    • কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰ সমূহৰ কৃষক সকল সৰ্বাধিক লাভান্বিত হোৱা
    • কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰৰ বিভিন্ন উপাদন সমূহ সামগ্ৰিকভাৱে উত্থাপন কৰি এই উপাদন সমূহৰ উত্পাদন আৰু উত্পাদন ক্ষমতাৰ উল্লেখনীয় পৰিবৰ্তন সাধন কৰা

    ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ(আৰ.কে.ভি.ওৱাই.) অধীনত অসমত মীন উন্নয়ন

    • ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০১৬-১৭ (আঁচনি সমূহ ৰূপায়নৰত)
    • ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০১৭-১৮

    ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০১৬-১৭ (আঁচনি সমূহ ৰূপায়নৰত)

    ২০১৬-১৭ চনত, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আৱণ্টিত ৩৩০০.০০ লাখ টকাৰ ভিতৰত, ২০৩.০০ লাখ টকা অনুমোদন কৰা হৈছে। সেই অনুসাৰে তলত উল্লেখ কৰা আঁচনি সমূহ অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ন কৰি থকা হৈছে:

    উত্পাদনৰ বৃদ্ধি

    এই উপাদনে তলত উল্লেখ কৰা কাৰ্য্যক্ৰম দুটা অন্তৰ্ভুক্ত কৰি লয়:

    • সমূহীয়া টেংকৰ ইনপুট: ২০১৫-১৬ চনত, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৪৫ হেক্টৰ এলেকাৰ উন্নয়ন কৰা হয়। ৰাজহুৱা টেংক গোট সমূহক ইয়াৰ বাবে কোনো ইনপুট প্ৰদান কৰা হোৱা নাই। সেই গতিকে, ইনপুট অধিক্ৰয়ৰ বাবে ২৩.৬৩ লাখ টকা(আৰ.কে.ভি.ওৱাই.ৰ অংশৰ) ধাৰ্য্য কৰা হৈছে।
    • এটা চামত ২০ জনকৈ মুঠ ১৫০০ গৰাকী কৃষকক ৪ দিনীয়া ক্ষেত্ৰীয় প্ৰশিক্ষণ প্ৰদান:এটা প্ৰকল্পৰ সফলতাৰ বাবে ধাৰ্য্য কৰি লোৱা লক্ষ্যত উপনীত হবলৈ কৃষক সকলৰ ক্ষমতা বৃদ্ধি কৰা। গতিকে, জিলা সমূহৰ ১৫০০ গৰাকী কৃষকক চাৰিদিনীয়া ক্ষেত্ৰীয় প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে ২৪ লাখ টকাৰ আৱণ্টন দিয়া হৈছে।

    আন্তঃগাঁথনিৰ উন্নয়ন

    বিভাগীয় মীন আৰু মীন বীজ পামৰ বিকাশ আৰু উন্নিতকৰণ:

    এই আঁচনিৰ অধীনত, বিভাগীয় মীন আৰু মীন পামৰ ৩৬.৫ হেক্টৰ জলীয় ক্ষেত্ৰৰ উন্নয়নৰ বাবে ১৪৬.০০ লাখ টকা ধাৰ্য্য কৰা হৈছে।

    বিশেষ আঁচনি

    মত্স্য বীজ প্ৰতিপালন পুখুৰীৰ ইনপুট খৰচ(২০১৫-১৬):

    ২০১৫-১৬ চনত, ৬.২৫ হেক্টৰ এলেকাৰ উন্নয়ন কৰা হৈছিল। কোনো ইনপুট প্ৰদান কৰা হোৱা নাছিল, গতিকে ইনপুট অধিক্ৰয়ৰ বাবে ৩.২৮ লাখ টকা(আৰ.কে.ভি.ওৱাই.ৰ অংশৰ) ধাৰ্য্য কৰা হৈছে।

    নমনীয় পুঁজি

    এটা চামত ২৫ জনকৈ মুঠ ৫০ গৰাকী কৃষকক অভিজ্ঞতা লাভ যাত্ৰাৰ বাবে অন্ধ্ৰ প্ৰদেশ/পশ্চিম বংগলৈ প্ৰেৰণ:

    এই কাৰ্য্যক্ৰমৰ অধীনত, ৩.৫০ লাখ টকাৰ এক ধনৰাশি আৱণ্টন দিয়া হয়। দুটা চামত মুঠ ৫০গৰাকী উন্নয়নশীল কৃষকক অভিজ্ঞতা লাভৰ বাবে অন্ধ্ৰ প্ৰদেশ/পশ্চিম বংগৰ মত্স্য কৃষি পামলৈ নিয়া হব।

    প্ৰশাসনিক খৰচ

    সকলে ৰপায়নকাৰী জিলা, ৰাজ্যিক মুখ্য কাৰ্য্যলয় আৰু প্ৰশাসনিক বিভাগৰ প্ৰশাসনিক খৰচৰ বাবত ২.৫৯লাখ টকা ধাৰ্য্য কৰা হৈছে।

    আৰ.কে.ভি.ওৱাই. ২০১৭-১৮

    ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ প্ৰকল্প অংশ হিচাপে ৩৬.০০ কোটি টকা পৰিমানৰ এক প্ৰকল্প প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছে আৰু ৰাজ্যিক পৰ্য্যায়ৰ অনুমোদন কমিটিয়ে ২২/০৬/২০১৭ তাৰিখে ইয়াত অনুমোদনো জনাইছে। কিছুমান পৰামৰ্শৰ সৈতে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰালয়, ডি.এ.ডি.এফ.এ এই প্ৰকল্প প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাইছে। এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে মাছ আৰু ইয়াৰ বীজৰ উত্পাদন বৃদ্ধি কৰা আৰু লগতে ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰো উন্নয়ন সাধন কৰা যি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ পৰামৰ্শাৱলীৰ লক্ষ্যৰ অন্তৰ্গত। এই আঁচনিৰ সবিশেষ তলত উল্লেখ কৰা হল:

    উত্পাদনৰ বৃদ্ধি

    তলত উল্লেখ কৰা কাৰ্য্যক্ৰম চাৰিটা এই উপাদনৰ অন্তৰ্গত:

    • মত্স্য কৃষিৰ বাবে বৰ্তি থকা পুখুৰী আৰু টেংকৰ উন্নিতকৰণ কৰা:

      মাছৰ উত্পাদন বৃদ্ধি কৰিবলৈ হলে পুৰণা পুখুৰী বোৰৰ উন্নিতকৰণ কৰাটো অনিবাৰ্য্য। গতিকে, এই আঁচনিৰ প্ৰস্তাৱ অনুসৰি পুখুৰীৰ পাৰ ওখ কৰা, ইয়াৰ চাৰিওকাষৰ মেৰামতি কৰা, ইয়াৰ পানী আৰু লগতে পলশ আতৰ কৰা, মেটেকা আতৰ কৰা ইত্যাদিৰ দৰে পুখুৰীৰ উন্নিতকৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয়।

    • বিষয়া আৰু কৰ্মচাৰী সকলৰ বাবে প্ৰশিক্ষণ আৰু অভিজ্ঞতা লাভৰ যাত্ৰাঃ:

      বিভিন্ন পৰ্য্যায়ৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, শিক্ষা আৰু অভিজ্ঞতা লাভৰ যাত্ৰা আদিবোৰ হৈছে কৰ্মচাৰী সকলৰ চাকৰি সম্পৰ্কীয় প্ৰদৰ্শনৰ উন্নত কৰাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ। সেইবাবে চাম অনুযায়ী এনে প্ৰশিক্ষণ আৰু অভিজ্ঞতা লাভৰ যাত্ৰাৰ বাবে প্ৰেৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

    • কৃষক সকলৰ বাবে প্ৰশিক্ষণ আৰু অভিজ্ঞতা লাভৰ যাত্ৰা:

      যেতিয়ালৈকে কৃষক সকলে মত্স্য কৃষিৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সৈতে পৰিচয় নহয় আৰু লগতে ইয়াৰ প্ৰতি আগ্ৰহী নহয়, তেতিয়ালৈ ধাৰ্য্য কৰি লোৱা উন্নয়নৰ লক্ষ্যত কেতিয়াও উপনীত হব পৰা নাজাব। গতিকে, মত্স্য কৃষিৰ ক্ষেত্ৰত সফলতা সুনিশ্চিত কৰিবৰ বাবে প্ৰয়োজনীয় বহল জ্ঞান আৰু বাস্তৱ জ্ঞানৰে পৰিপুষ্ট দক্ষ লোকৰ প্ৰয়োজন বাঞ্চনীয়।

    • সজাগতা/সচেতনতা কাৰ্য্যক্ৰম, জনসাধাৰণৰ মাজত প্ৰচাৰ:

      জ্ঞান আৰু ধাৰণা সমূহ জনসাধাৰণৰ মাজত বিলাই দিয়াৰ বাবে জনসাধৰণৰ মাজত এই সকলো বোৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। ৰাজ্যত মত্স্য উত্পাদনৰ হাৰ একেবাৰে নিম্ন হোৱাৰ অন্যতম কাৰণ হৈছে, সম্পদৰ নিম্ন মানৰ প্ৰৱন্ধন আৰু বৈজ্ঞানীক অনুশীলনৰ প্ৰতি জনসাধাৰণৰ অজ্ঞানতা আৰু নিৰাগ্ৰহতা। গতিকে প্ৰচাৰ আৰু সজাগতাৰ গুৰুত্ব উপলব্ধি কৰি, ১০০ শতাংশ অশীদাৰিত্বৰে এই আঁচনি প্ৰস্তাৱিত কৰা হৈছে।

    আন্তঃগাঁথনি উন্নয়ন:

    প্ৰস্তাৱিত কাৰ্য্যক্ৰম সমূহ তলত উল্লেখ কৰা হল:

    • মত্স্য কৃষিৰ বাবে, বান প্ৰৱন জলাশয় এলেকাৰ উন্নয়ন সাধন কৰি নতুন নতুন পুখুৰী নিৰ্মাণ কৰা:

      নতুন নতুন পুখুৰী নিৰ্মাণৰ জৰিয়তে এলেকা সম্প্ৰসাৰণৰ বাবে বিভাগে প্ৰস্তাৱ গ্ৰহণ কৰিছে যাতে ৰাজ্যত অতিৰিক্ত হাৰত মত্স্য উত্পাদন কৰিব পৰা যায়। উপলব্ধতা আৰু গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি অন্য কৃষিৰ বাবে অনুপযোগী বান-প্ৰৱণ জলাশয় সমূহৰ ব্যৱহাৰ কৰাটোৱেই হৈছে এই প্ৰস্তাৱৰ মূল লক্ষ্য, ৰাজহুৱা পুখুৰী সমূহো ইয়াৰ অধীনত অন্তৰ্ভুক্ত কৰা হব।

    • মাছৰ বীজ প্ৰতিপালনৰ বাবে নতুন নতুন পুখুৰী নিৰ্মাণ:

      মাছৰ বীজ উত্পাদন কৰাৰ ক্ষেত্ৰত অসম প্ৰায় আত্ম-নিৰ্ভৰশীল, ২০১৬-১৭বৰ্ষত ৰাজ্য খনত সৰু পোনাৰ ৰূপত ৬৭৫৮ নিযুত বীজ উত্পাদন কৰা হৈছে। কিন্তু ডাঙৰ পোনা এতিয়াও সংৰক্ষণৰ বাবে উপলব্ধ নহয়। ইয়াৰ মুখ্য কাৰণ হৈছে সৰু পোনাৰ ডাঙৰ পোনালৈ বিকাশ হব পৰাকৈ পৰ্য্যাপ্ত পৰিমানৰ প্ৰতিপালন ক্ষেত্ৰৰ অভাৱ। ইয়াৰ বাবে ব্যক্তিগত খণ্ডৰ অধীনত ৫০শতাংশ অংশীদাৰিত্বৰে প্ৰতিপালন টেংক নিৰ্মাণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

    • প্ৰজনন কিট’কে ধৰি মাছৰ কণি পাৰা ঠাই প্ৰতিষ্ঠা কৰা:

      বৰ্ণসংকৰণ আৰু লগতে একে খিনি মাছৰ ভিতৰতে অব্যাহত থকা প্ৰজনন প্ৰক্ৰিয়াৰ বাবেই ডাঙৰ ডাঙৰ পাৰিপাৰ্শ্চিক মাছৰ কণি পৰা ঠাইত উত্পদান হোৱা বীজ সমূহৰ গুণগত মানদণ্ড তেনেই নিম্ন যাৰ ফলত মত্স্য উতপাদনৰ বাৰ্ষিক বিকাশ হ্ৰাস পোৱাৰ লগতে এককে প্ৰতি উত্পাদন ক্ষমতাও হ্ৰাস পাইছে। যদিও ৰাজ্যখনত বহু সংখ্যক মাছৰ কণি পাৰা ঠাই আছে, একেখন ৰাজ্যতে বীজৰ অভাৱত থকা স্থানো উপলব্ধ, বিশেষকৈ ভিতৰুৱা অঞ্চল সমূহত যিবোৰক এই প্ৰস্তাৱিত আঁচনিৰ অধীনত অগ্ৰাধিকৰ প্ৰদান কৰা হব।

    • বৰ্তমানে থকা মাছ বিক্ৰীৰ বিপণন সমূহৰ উন্নিতকৰণ আৰু বৰ্জ্য নিষ্কাষণ কাৰখানা স্থাপন:

      ৰাজ্যখনত, বিভিন্ন কাৰ্য্যসুচীৰ অধীনত কিছু সংখ্যক মাছৰ বজাৰ নিৰ্মাণ কৰা হৈছে। গ্ৰম্যাঞ্চলৰ পথৰ দাতিৰ মাছ বজাৰ সমূহ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত উন্নিত কৰা হৈছে। কিন্তু বৰ্তমানৰ মাছৰ বজাৰ সমূহ গ্ৰাহকৰ সুৰক্ষা, স্বচ্ছতা, বৰ্জ্য নিষ্কাষণ, নলা-নৰ্দমাৰ ব্যৱস্থা আদি বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা উপযুক্ত স্বাস্থ্যকৰ অৱস্থাত নাই। এই দিশ সমূহলৈ লক্ষ্য ৰাখি, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০১৭-১৮ৰ অধীনত মাছৰ বজাৰ সমূহৰ উন্নতকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু প্ৰথম পৰ্য্যায়ত চহৰ অঞ্চলৰ বজাৰ সমূহক লক্ষ্য কৰি লোৱা হৈছে।

    • বৰফৰ কাৰখানা স্থাপন:

      মাছ যিহেতু ক্ষীয়মান সামগ্ৰী, সংৰক্ষণ কৰোতে বা পৰিবহনৰ ক্ষময়ত ইয়াৰ মানদণ্ড হ্ৰাস পোৱাটো অতি স্বাভাৱিক যি উপভোক্তাৰ বাবে কোনোপধ্যেই হিতকাৰী নহয়। সেই গতিকে পৰ্য্যাপ্ত পৰিমানৰ বৰফৰ অভাৱত মাছমৰীয়া বা মাছৰ ব্যৱসায়ী সকলে অতি কম দৰতে মাছবোৰ বিক্ৰী কৰিবলগীয়া হয়। বহু ব্যৱসায়ীয়ে আকৌ খৰচ কমাবৰ বাবে পৰ্য্যাপ্ত বৰফ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে। মাছৰ বজাৰ বা মত্স্য অৱতৰণ কেন্দ্ৰৰ সমীপত বৰফ কাৰখানা স্থাপনৰ জৰিয়তেহে বৰফৰ নাটনিৰ সমস্যা বিধৰ সমাধান সম্ভৱ। তেনে কৰিলে অতি কম দামতে এই বৰফ সমূহ উপলব্ধ হব।

    বিশেষ আঁচনি

    তলত উল্লেখ কৰা কাৰ্য্যক্ৰম সমূহ এই উপাদনৰ অন্তৰ্ভু্ক্ত

    • অলংকাৰযুক্ত মাছৰ উত্পাদন/বজাৰকৰণৰ সৈতে জড়িত উদ্যমী সকলৰ প্ৰতি সঁহাৰি

      ৰাষ্ট্ৰীয় আৰু লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত থলুৱা মাছৰ চাহিদা যিহেতু অত্যধিক, গতিকে অলংকাৰযুক্ত মত্স্য খণ্ড এতিয়াও ৰাজ্যখনত সাংগঠনিক ৰূপত গঢ় লৈ উঠা নাই। সেইয়ে এই কাৰ্য্যক্ৰমৰ অধীনত, প্ৰজনন, উত্পাদন আৰু বজাৰকৰণ এককৰ জৰিয়তে অলংকাৰযুক্ত মাছৰ উত্পাদন আৰু বাজাৰকৰণৰ ক্ষেত্ৰত সঁহাৰি জনাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

    • মূল্য সংযোজনযুক্ত মত্স্য উতপাদনৰ ক্ষেত্ৰত উদ্যমী সকলক প্ৰচাৰমূলক সমৰ্থন

      বৰ্তমান সময়ত মহিলা সকলে কেৱল ঘৰুৱা উন্নয়নৰ ক্ষেত্ৰতেই নহয়, ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। এনে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে মত্স্য উত্পাদন ক্ষেত্ৰত মূল্য সংযোজন কৰা যত মহিলা সকল অতি সহজেই জড়িত হৈ পৰিব পাৰে। মীন বিভাগৰ অধীনত পঞ্জীকৃত মহিলা আত্ম সহায়ক গোট সমূহক এই আঁচনিৰ অধীনত সমৰ্থন প্ৰদান কৰা হয়।

    • সফল মত্স্য সমবায় সমিতি সমূহক মত্স্য উত্পাদন বৃদ্ধি/বজাৰকৰণৰ বাবে পৰীক্ষণমূলক হিচাপত সমৰ্থন আগবঢ়োৱা সমূদায় উন্নয়নৰ বাবে সমবায় ব্যৱস্থাই সঁহাৰি প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। মত্স্য খণ্ডত, ক্ষুদ্ৰ আৰু মধ্যম বৰ্গৰ মীন উন্নয়নৰ গতি তৰান্বিত কৰাৰো ক্ষমতা বহন কৰে সমবায় ব্যৱস্থাই। কিন্তু এই মত্স্য সমবায় সমিতি সমূহৰ বেছিভাগেই মৃত অৱস্থাত বা নহলে নিজৰ ক্ষমতা অনুযায়ী কাৰ্য্য কৰিব নোৱাৰা অৱস্থাত থকাটোহে পৰিলক্ষিত হয়। গতিকে অসমৰ মীন বিভাগে, কৃষিৰ পৰৱৰ্তী পৰ্য্যায়ৰ প্ৰয়োজন সমূহকে ধৰি মত্স্য উত্পাদন বৃদ্ধিৰ বাবে সমাবায় সমূহৰ সম্পদৰ বিকাশ সাধন কৰাৰ জৰিয়তে প্ৰয়োজন সাপেক্ষ সঁহাৰি আগবঢ়াবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।
    • পৰীক্ষণমূলক হিচাপে উন্নয়নশীল মতস্য কৃষক সকলক জলবাহক প্ৰদান মত্স্য উত্পাদন বৃদ্ধিৰ বাবে সম্পদৰ বিকাশ সাধন কৰাটো নিত্যান্তই প্ৰয়োজন। গতিকে মত্স্য উত্পাদনকাৰী, কৃষক সকলক উত্সাহী কৰি তুলিবলৈ আৰু লগতে মাছৰ উত্পাদন আৰু উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে সম্ভৱপৰ এলেকা সমূহত জলবাহক প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
    • বিভাগীয় প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ উন্নিতকৰণ আৰু নৱীকৰণ কৃষক, আগ্ৰহী যুৱক আৰু বিভাগীয় বিষয়া-কৰ্মচাৰী সকলৰ ক্ষমতা বৰ্ধনৰ উদ্দেশ্যৰে, বিভিন্ন কাৰ্য্যসূচীৰ অধীনত ৯টা প্ৰশিক্ষণ কেন্দ্ৰৰ স্থাপন কৰা হৈছিল। কিন্তু ইয়াৰ বহুকেইটা প্ৰশিক্ষণ কেন্দ্ৰৰ অৱস্থা জৰজীৰ্ণ যত আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰাৰ কোনো ব্যৱস্থা নাই। গতিকে এই আঁচনিৰ অধীনত ১০০ শতাংশ অংশীদাৰিত্বৰ জৰিয়তে উক্ত প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ উন্নিতকৰণ আৰু নৱীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
    • বিভাগীয় মত্স্য বীজ পাম সমূহৰ উন্নয়ন আৰু উন্নিতকৰণবিভাগীয় মত্স্য বীজ পাম সমূহৰ জৰিয়তে সঠিক মানৰ বীজ উত্পাদন কৰি থকা হৈছে যদিও কৃষক সকলৰ মাজত ইয়াৰ চাহিদা যথেষ্ট কম। ইয়াৰে প্ৰায়বোৰ পামেই ১৯৭০ দশকত স্থাপন কৰা হৈছিল যিবোৰৰ বেছিভাগতেই বছৰ বছৰ ধৰি নিম্ন মানৰ মীন আন্তঃগাঁথনি উপলব্ধ, যিবোৰক উন্নয়নৰ জৰিয়তে আদৰ্শ পাম হিচাপে গঢ়ি তুলাৰ প্ৰয়োজন আছে। ইয়াৰে বেছি ভাগৰেই ইতিমধ্যে মৃত্যু ঘটিছে বা পৰিত্যক্ত ৰূপত আছে আৰু ইয়াৰ মূল কাৰণ হৈছে নৱীকৰণৰ বাবে পুঁজিৰ অভাৱ। গতিকে, এনে পাম সমূহক আদৰ্শ পাম হিচাপে উন্নয়ন আৰু উন্নিতকৰণৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
    • ৰাষ্ট্ৰীয় অনুষ্ঠান/কাৰ্য্যক্ৰমত অংশগ্ৰহণৰ জৰিয়তে মীন কাৰ্য্যক্ৰমৰ প্ৰচাৰ সাধনপ্ৰচাৰৰ মাধ্যম হিচাপে, বিভিন্ন ৰাজ্য তথা অংশীদাৰ সকলৰ মাজত সজাগতা বৃদ্ধি, জ্ঞান আৰু তথ্যৰ আদান-প্ৰদান কৰাৰ বাবে বিভাগে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কাৰ্য্যক্ৰম যেনে বিশ্ব মত্স্য দিৱস, ৰাষ্ট্ৰীয় মত্স্য কৃষক দিৱস বা মতস্য উত্সৱ ইত্যাদিত অংশ গ্ৰহণ কৰাটো দৰকাৰ। এই উদ্দেশ্যৰ বাবে ৫ লাখ টকাৰ এক পুঁজিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

    নমনীয় পুঁজি

    • ৰাজ্যিক মত্স্য পৰীক্ষাগৰক শক্তিশালীকৰণ (বিভাগীয়)

      মত্স্য কৃষক সকলক প্ৰয়োজনীয় সহায় আগবঢ়াব পৰাকৈ বৰ্তমানে থকা ৰাজ্যিক মত্স্য পৰীক্ষাৰগাৰটো উন্নিতকৰণ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই পৰীক্ষাগাৰৰ চাৰিটা মূল দায়িত্ব হৈছে- জল পৰীক্ষণ, ভূমি পৰীক্ষণ, আহাৰ পৰীক্ষণ আৰু ৰোগ আদি নিয়ন্ত্ৰণ কৰা ইত্যাদি। একে ঠাইতে কৃষৰ বাবে এই চাৰিওবিধ কাৰ্য্য সম্পাদন কৰিব পৰকাকৈ অসমত এটাও পৰীক্ষাগাৰ নাই। গতিকে অত্যাধুনিক পৰীক্ষাগাৰ হিচাপে পৰীক্ষাগাৰটো উন্নিতকৰণ কৰাটো নিত্যান্তই প্ৰয়োজন। এই ক্ষেত্ৰত, এই আঁচনিৰ জৰিয়তে ৰাজ্যিক মত্স্য পৰীক্ষাগাৰটো ১০০শতাংশ অংশীদাৰিত্বৰে উন্নতকৰণ কৰি শক্তিশালী কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

    • আলোচনা চক্ৰ/কৰ্মশালা আৰু অংশীদাৰ সকলৰ সভা

      এই আঁচনিৰ অধীনত, অংশীদাৰ সকলৰ মাজত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় মানৰ অনুষ্ঠান-প্ৰতিষ্ঠানক জড়িত কৰি আলোচনা চক্ৰ/কৰ্মশালা বা সভা ইত্যাদি অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে মুখ্যতে বৈদ্যুতিন প্ৰশাসন, সম্পদ মানচিত্ৰকৰণ, জিয়-টেগিং, উদ্ভাৱনীয় অনুশীলন, কৌশলগত পৰিকল্পনা, পৰ্য্যবেক্ষণ আৰু মূল্যাংকণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

    • জি.এন.বি. টেংকৰ উন্নয়ন(বিভাগীয়), গুৱাহাটী(প্ৰথম পৰ্য্যায়)

      ৬ হেক্টৰ জলীয় ক্ষেত্ৰ আগুৰি থকা মীন বিভাগৰ অধীনষ্ঠ গোপীনাথ বৰদলৈ টেংকটো গুৱাহাটীৰ ৰাজ্যিক মীনৰ মুখ্য কাৰ্য্যালয়ৰ পাছফালেই অৱস্থিত। গুৱাহাটীৰ মাজমজিয়াতে থকা এই টেংকটোক মতস্য উতপাদন বৃদ্ধি, ৰাজহ বৃদ্ধি, ৰাজ্যবাসীৰ অৱসৰ-বিনোদনৰ সুবিধা প্ৰদানকাৰী আৰু লগতে এক প্ৰদৰ্শনী আৰ্হি হিচাপে গঢ়ি তোলা আদি বিভিন্ন দিশ সংযোজন কৰিব পৰাকৈ এখন জৈৱ-বন্ধুত্বপূৰ্ণ মত্স্য উদ্যান হিচাপে গঢ়ি তোলাৰ যথেষ্ট সুযোগ আছে। ইয়াৰ আনুসাংগীক কাৰ্য্যক্ৰমৰ বাবে সৌৰ শক্তি ব্যৱহাৰ কৰাৰো বিচাৰ-বিবেচনা অব্যাহত আছে। যিহেতু এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ বাবে এক দীঘলীয়া সময়ৰ প্ৰয়োজন হব, গতিকে পৰ্য্যায়ক্ৰমে ইয়াৰ উন্নয়ন সাধন কৰাৰ পোষকতা কৰা হৈছে। সেই অনুসাৰে, ২০১৭-১৮ বৰ্ষত ইয়াৰ বাবে ৩০.০০ লাখ টকাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

    প্ৰশাসনীয় খৰচ

    সকলো ৰূপায়নকাৰী জিলা, ৰাজ্যিক মুখ্য কাৰ্য্যালয় আৰু প্ৰশাসনীয় বিভাগৰ প্ৰশাসনীক খৰচৰ বাবে প্ৰকল্প খৰচৰ এক শতাংশ ধাৰ্য্য কৰা হৈছে।