জলজ সম্পদকে ধৰি অসম সকলো দিশতে উপৰ্য্যুপৰি প্ৰাকৃতিক সম্পদৰে ভৰা এক ৰাজ্য। এই জলজ সম্পদ সমূহক লৈ মীন মহল উন্নয়ন সাধন কৰাৰ যথেষ্ঠ সম্ভাৱনা থকাৰ দিশটো অনুধাৱন কৰি তেতিয়াৰ চৰকাৰে মীন মহল উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰত সমন্বয় স্থাপন কৰাৰ উদ্দেশ্যৰে আৰু লগতে ইয়াৰ জৰিয়তে ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্যৰে এক একক গঠন কৰাৰ সৃষ্টিৰ পৰিকল্পনা কৰে।
সেই অনুসৰি, ১৯৪৮চনত মীন মহলৰ বিভিন্ন দিশ চোৱা-চিতা কৰিবৰ বাবে কুটীৰ শিল্প উদ্যোগ বিভাগৰ অধীনত এক একক প্ৰতিষ্ঠান কৰে। ইয়াৰ দুবছৰ পাছতেই এই এককক কুটীৰ শিল্প উদ্যোগৰ পৰা আতৰাই কৃষি বিভাগৰ অধীনষ্ঠ কৰা হয়। ১৯৬৩চনলৈ এই একক কৃষি বিভাগৰ অধীনতেই আছিল যদিও উক্ত বৰ্ষত ইয়াক পুনৰ কৃষি বিভাগৰ আতৰাই আনি পশু পালন আৰু পশু চিকিত্সা বিভাগৰ সৈতে সংলগ্ন কৰা হয় আৰু এই ব্যৱস্থা ১৯৯১ চনৰ শেষলৈকে অব্যাহত থকে।
কিন্তু ১৯৯১ চনৰ ডিচেম্বৰ মাহত তেতিয়াৰ চৰকাৰে মীন মহল খণ্ডৰ পয়ালগা ছবিখনৰ প্ৰতি দৃষ্টিগোচৰ কৰি অনুভৱ কৰে যে উক্ত খণ্ডক দীৰ্ঘদিন ধৰি অৱজ্ঞা কৰি থকা হৈছে আৰু সেইগতিকে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি লগতে মত্স্য কৃষক সকলৰ আৰ্থিক অৱস্থা সবল কৰি তোলাৰ উদ্দেশ্যৰে এই খণ্ডক যি ধৰণে গুৰুত্ব আৰোপ কৰিব লাগে সেই দৰে গুৰুত্ব প্ৰদান কৰিবলৈ আগবাঢ়ি আহে। ইয়াৰ ফলস্বৰূপে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহনৰ জৰিয়তে মীন মহল বিভাগ নামেৰে এক সুকীয়া বিভাগ গঠন কৰা হয়। অৰ্থাত্ এই বিভাগে বৰ্তমান পূৰ্বৰ ভাতৃ বিভাগ দুটাৰ অধীনত কাৰ্য্য সম্পাদন নকৰে। বৰ্তমান এই বিভাগে এক স্বতন্ত্ৰ বিভাগ হিচাপে নিজৰ শক্তি ব্যৱহাৰৰ জৰিয়তে স্ব-বিকাশ সাধন কৰি প্ৰাপ্য মৰ্য্যদা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
উল্লেখনীয় যে এই বিভাগৰ সঞ্চালকৰ পদটো ১৯৬৮ চনতে সৃষ্টি কৰা হৈছিল যতিয়া ই পশু পালন আৰু পশু চিকিত্সা বিভাগৰ সৈতে সংলগ্ন আছিল।
পুখুৰী, টেংক, পৰিত্যক্ত জল ভাণ্ডাৰ আদিকে ধৰি অসমত মুঠ ২.৮৬লাখ হেক্টৰ জল সম্পদ আছে আৰু ইয়াৰ লগতে আছে ৪৮২০ কিলোমিটাৰ দৈৰ্ঘ্য সামৰা ৫৩ খন উপনৈ আৰু দুখন প্ৰধান নদী, ব্ৰহ্মপূত্ৰ আৰু বৰাক, যি ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ। উত্পাদন বৃদ্ধিৰ লক্ষ্যৰে সম্ভাৱনাপূৰ্ণ সম্পদৰ বহনক্ষম প্ৰৱন্ধন আৰু উন্নয়নৰ জৰিয়তে ৰাজ্যখনত খাদ্য আৰু পুষ্টি সুৰক্ষাও সুনিশ্চিত কৰিব পাৰি।
অসমৰ জনসাধাৰণৰ সৈতে মাছৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে আৰু মাছমৰাটো ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ এক উমৈহতীয়া কাৰ্য্যক্ৰম। ৰাজ্যখনৰ ৯০শতাংশ জনসাধাৰণেই মত্স্য সেৱন কৰে যাৰ ফলত মাছৰ চাহিদা দিনক-দিনে বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। গতিকে আৰ্থ-সামাজিক দিশৰ পৰা মীন মহল খণ্ডৰ অধীনষ্ঠ কাৰ্য্যক্ৰমক অত্যন্ত গুৰুত্বপূৰ্ণ কাৰ্য্যক্ৰম হিচাপে বিবেচনা কৰা হয় যি গ্ৰাম্যাঞ্চলত বিশেষকৈ মতস্য উত্পাদনৰ জৰিয়তে নিয়োগ সৃষ্টি কৰাৰ ক্ষেত্ৰত যথেষ্ঠ সম্ভাৱনীয়তা বহন কৰে।
২০১৫-১৬বৰ্ষৰ হিচাপ অনুসৰি(উল্লেখঃ অৰ্থনৈতিক জৰীপ, অসম ২০১৬-১৭) ৪.৬৮শতাংশ উন্নয়নৰ হাৰৰ সৈতে মীন বিভাগে ৰাজ্যিক মুঠ ঘৰুৱা উত্পাদন (এছ.জি.ডি.পি.) হিচাপে ৪,৭২,১১৯ লাখ টকাৰ অৰিহনা আগবঢ়াই।
মীনৰ সৈতে জড়িত কৃষকেই হওক বা মাছমৰীয়াই হওক, তেঁওলোকৰ অধিক সংখ্যকেই আৰ্থিক ভাৱে সৱল নহয়। মাছ উত্পাদনৰ বাবে পুখুৰী খণ্ডা বা পাম স্থাপন কৰাৰ দৰে প্ৰাথমিক পৰ্য্যায়ৰ বিনিয়োগ কৰাৰ ক্ষেত্ৰত তুলনামূলক ভাৱে যথেষ্ঠ ধনৰ প্ৰয়োজন হয়। তাৰোপৰি বিজ্ঞানসন্মত মত্স্য কৃষিৰ অনুশীলন আৰু ব্যৱস্থাপনা সম্পৰ্কত পৰ্য্যাপ্ত জ্ঞান, দক্ষতা বা সজাগতাৰ অভাৱৰ বাবেই ৰাজ্যখনৰ সম্ভাৱনীয়তাৰ তুলনাত ইয়াৰ মতস্য উত্পাতন যথেষ্ঠ কম। এনে পৰিস্থিতিত ৰাজ্যখনত বাহাল থকা এই ব্যৱধান আতৰ কৰাৰ ক্ষেত্ৰত মীন মহল বিভাগে কাৰিকৰী সহায় প্ৰদানৰ জৰিয়তে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। যোৱা কেবাটাও বছৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত আৰু লগতে মত্স্য কৃষি সম্প্ৰদায়ৰ উত্সাহী মনোভাৱৰ বাবেই ৰাজ্যখনত মীন মহল খণ্ডই অৰ্থনৈতিক দিশৰ পৰা এক সবল স্থিতিত উপস্থিত হবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গ্ৰাম্যাঞ্চলত বহু সংখ্যক যুৱকে মত্স্য কৃষিক বাণিজ্যিক কাৰ্য্যক্ৰম হিচাপে গ্ৰহন কৰাটো পৰিলক্ষিত হৈছে। এই সকলোবোৰৰ ফল স্বৰূপে ৰাজ্য খনত মতস্য উত্পাদন ২০০০-২০০১ চনৰ ১.৫৮ লাখ মেট্ৰিক টনৰ বিপৰীতে ২০১৬-১৭ চনত ইয়াৰ পৰিমাণ ৩.০৭ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে।
মীন খণ্ডৰ সামগ্ৰীক উন্নয়নৰ বাবে বিভাগে “অধিক মতস্য উত্পাদন কৰক” শীৰ্ষক মন্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে নিম্নোল্লেখিত বিষয়সমূহকো আগত ৰাখি নিজ কাৰ্য্য সম্পাদন কৰে:
ৰাষ্ট্ৰ সংঘৰ দীৰ্ঘম্যাদি উন্নয়ন লক্ষ্য(এছ.ডি.জি.) আত্মনিৰ্ভৰশীলতা অনুসৰি বিভাগে মীন খণ্ডৰ বাবে উন্নয়নমূলক পৰিকল্পনা গ্ৰহন কৰিছে আৰু লগতে মাছৰ ৰপ্তানি কৰিবৰ বাবেও লক্ষ্য স্থিৰ কৰিছে।