মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

নীল বিপ্লৱ আৰু মীনৰ সংহত উন্নয়ন আৰু প্ৰৱন্ধন

নীল বিপ্লৱ............. নীল ক্ৰান্তি অভিযান...........

পৰিচয়

ভাৰত চৰকাৰে সমগ্ৰ ভাৰততে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰি বহনক্ষম ভিত্তিত দেশৰ অৰ্থনৈতিক উন্নয়ন, মীন আৰু মাছমৰীয়া সকলৰ অৰ্থনৈতিক স্থিতি সবল কৰাৰ লগতে দেশবাসীৰ পুষ্টিকতা আৰু খাদ্য সুৰক্ষাৰ দিশত গুৰুত্ব আৰোপ কৰি সম্ভাৱনাপূৰ্ণ জল-সম্পদ ব্যৱাহাৰ কৰাৰ উদ্দেশ্যৰে ২০১৫-১৬বৰ্ষত নীল-বিপ্লৱ আঁচনিৰ সুচনা কৰিছিল। এই আঁচনিৰ জৰিয়তে মত্স্য উত্পাদনৰ বাবে দেশৰ আভ্যন্তৰীণ আৰু সাগৰীয় জল সম্পদৰ পূৰ্ণ সম্ভাৱনীয়তা ব্যৱহাৰ কৰা আৰু লগতে বহনক্ষম ভিত্তিত ইয়াৰ উত্পাদন ক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ লগে লগে মাছৰ ৰপ্তানি বৃদ্ধি কৰাও আন এক গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে স্থিৰ কৰা হৈছে। এই সকলোবোৰৰ জৰিয়তে সামাজিক ভাৱে পিছপৰা মাছমৰীয়া আৰু মত্স্য কৃষক সকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ লগতে পাৰিপাৰ্শ্চিক আৰু জৈৱ সুৰক্ষাও সুনিশ্চিত কৰা হব।

সমগ্ৰ দেশতে পাঁচ বছৰৰ(২০১৫-১৬ৰ পৰা ২০১৯-২০বছৰলৈ) বাবে ৰূপায়ন কৰিবলগীয়া এই আঁচনিৰ বাবত ৩০০০.০০ কোটি টকাৰ কেন্দ্ৰীয় পুঁজি ধাৰ্য্য কৰা হৈছে।

লক্ষ্য

বহনক্ষমতা, জৈৱ সুৰক্ষা আৰু পৰিবেশ সচেতনতাৰ সকলো দিশ আগত ৰাখি পৰ্য্যপ্ত হাৰত মাছমৰীয়া আৰু মত্স্য কৃষক সকলৰ উপাৰ্জনৰ স্থিতি উন্নত কৰাৰ জৰিয়তে দেশৰ মীনৰ সম্ভাৱনীয়তাৰ সংহত বিকাশ সাধন কৰিবলৈ এক সক্ষম পৰিবেশ গঢ়ি তোলা।

অভিযান

  • আভ্যন্তৰীণ আৰু সাগৰীয় মত্স্য উত্পাদন কৃষ্টিৰ বৃত্তিগত আৰু বিশ্বমানৰ আধুনিক উদ্যোগ হিচাপে বিকাশ ঘটাই দেশৰ মত্স্য উত্পাদনৰ পূৰ্ণ সম্ভাৱনীয়তাৰ সুযোগ লাভৰ বাবে নীল বিপ্লৱ মিছন পৰিকল্পনা সৃ্ষ্টি কৰা।
  • দেশৰ মাছমৰীয়া আৰু মত্স্য কৃষক সকলৰ উপাৰ্জন দুগুণে বৃদ্ধি কৰা
  • মীন উদ্যোগৰ বহনক্ষমতা বজাই ৰাখিবলৈ জৈৱ-সুৰক্ষাৰ বহনক্ষমতা বজাই ৰখা আৰু লগতে পৰিবেশ সংক্ৰান্তীয় বিষয় সমূহৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা।

উদ্দেশ্যাৱলী

  • আভ্যন্তৰীণ আৰু সাগৰীয় মত্স্য উত্পাদন সম্ভাৱনীয়তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰা আৰু ২০২০ চনৰ ভিতৰত দেশৰ মত্স্য উত্পাদন তিনিগুণ বৃদ্ধি কৰা।
  • নতুন প্ৰযুক্তি আৰু প্ৰক্ৰিয়া সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেশৰ মত্স্য উত্পাদন খণ্ডক এক আধুনিক উদ্যোগলৈ ৰুপান্তৰিত কৰা।
  • মাছৰ উত্পাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে বৈদ্যুতিন-বাণিজ্যকৰণ ব্যৱস্থা আৰু অন্যান্য প্ৰযুক্তি তথা বিশ্বৰ শ্ৰেষ্ঠ উদ্ভাৱনকে ধৰি মতস্য সংগ্ৰহৰ পৰৱৰ্তী পৰ্য্যায়ৰ বাবে প্ৰয়োজনীয় বাণিজ্যকৰণ সম্পৰ্কীয় আন্তঃগাঁথনিৰ বিকাশৰ জৰিয়তে দেশৰ মাছমৰীয়া আৰু মত্স্য কৃষক সকলৰ উপাৰ্জন বৃদ্ধি কৰা।
  • উপাৰ্জন বৃদ্ধিৰ ক্ষেত্ৰত কেৱল মাছমৰীয়া আৰু মত্স্য কৃষক সকলৰ অংশগ্ৰহণ সুনিশ্চিত কৰা।
  • সমবায়, উত্পাদক প্ৰতিষ্ঠান আৰু আন আন সংৰচনাৰ আনুষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে মাছমৰীয়া আৰু মাত্স্য কৃষক সকলৰ লাভা-লাভৰ ধাৰা যাতে অক্ষুণ্ন থাকে তাৰ বাবে ২০২০ চনৰ ভিতৰত মত্স্য ৰপ্তানি তিনি গুণলৈ বৃদ্ধি কৰা।
  • দেশৰ খাদ্য আৰু পুষ্টিকতা সুৰক্ষা বৃদ্ধি কৰা।

অসমত ২০১৬-১৭ বৰ্ষত নীল বিপ্লৱ আঁচনিৰ ৰূপায়ন কৰা

  • এই আঁচনিৰ অধীনত অসমে ১৬৪১.৪৫ লাখ টকাৰ(৮০শতাংশ কেন্দ্ৰীয় সাহাৰ্য্য) মঞ্জুৰীৰ সৈতে ২০৫১.৮১লাখ টকাৰ মুঠ প্ৰকল্প খৰচ পুঁজিৰ বাবে অনুমোদন লাভ কৰিছে।
  • পুঁজি প্ৰদান আৰ্হি হৈছেঃ ৮০:২০(কেন্দ্ৰীয় অংশীদাৰিত্ব : হিতাধিকাৰী/ৰাজ্যৰ অংশীদাৰিত্ব)
  • প্ৰধান উপাদান সমূহ:
    1. সমূহীয়া সংগঠনৰ জৰিয়তে টেংক(চৰকাৰী) নিৰ্মাণ কৰাঃ ১৭.১০ হেক্টৰ
    2. বৰ্তি থকা পুখুৰী সমূহৰ উন্নিতকৰণঃ ৩০ হেক্টৰ
    3. প্ৰতিদিনে ১-৫ কুইণ্টল মাছৰ আহাৰ তৈয়াৰ কৰা মিল নিৰ্মাণ কৰাঃ ১২টা
    4. আই.এম.চি. আৰু অন্য কৃষি যোগ্য প্ৰজাতী সমূহৰ বাবে মাছৰ কণীৰ পৰা পোনা বিকশিত কৰা ক্ষেত্ৰ প্ৰতিষ্ঠা কৰাঃ ১০টা
    5. সমূহ হিচাপত মাছমৰীয়া সকলক আৱাসিক গৃহ প্ৰদান কৰা = ৭৫টা
    6. শৌচাগাৰ, পানী যোগান আৰু বৈদ্যুতিকৰণৰ সুবিধা উপলব্ধ ৰাজহুৱা সভগৃহ নিৰ্মাণ কৰা = এটা