মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

জল সম্পদ, মাছ আৰু মাছৰ বীজ উত্পাদন

ৰাজ্যৰ মীন সম্পদ আৰু ইয়াৰ ব্যৱহাৰ

পুখুৰী, টেংক, পৰিত্যক্ত জল ভাণ্ডাৰ আদিকে ধৰি অসমত মুঠ ২.৮৬লাখ হেক্টৰ জল সম্পদ আছে আৰু ইয়াৰ লগতে আছে ৪৮২০কিলোমিটাৰ দ্ৰৈঘ্য সামৰা ৫৩খন উপনৈ আৰু দুখন প্ৰধান নদী, ব্ৰহ্মপূত্ৰ আৰু বৰাক, যি অসমক এক বিশাল সম্ভাৱনীয়তাপূৰ্ণ মতস্য উত্পাদক ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষমতা বহন কৰে। এই খণ্ডই ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয় সাধন কৰাৰ ক্ষেত্ৰত এক বিশেষ অৰিহণা যোগোৱাৰ যোগ্যতা বহন কৰে। ইয়াৰ জৰিতে সমগ্ৰ ৰাজ্যত নিয়োগ সৃষ্টি কৰাৰ এক বিশাল সম্ভাৱনা আছে, বিশেষকৈ গ্ৰাম্যাঞ্চলত মত্স্য উত্পাদন আৰু ইয়াৰ আনুসাংগীক কাৰ্য্যক্ৰমৰ জৰিয়তে। ২০১৬-১৭ বৰ্ষত ধাৰ্য্য কৰা ৩.৪২লাখ মেট্ৰিক টন মত্স্য উত্পাদনৰ লক্ষ্যৰ বিপৰীতে অসমৰ মত্স্য উত্পাদন ৩.০৭লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছিল।

নতুন নতুন পুখুৰী নিৰ্মাণ আৰু বৰ্তি থকা এনে আন আন ক্ষেত্ৰ সমূহৰ মেৰামতি বা পূনৰ কাৰ্য্যক্ষম কৰি তুলি মাছৰ মুখ্য উত্পাদন কৌশল, আনুভূমিক সম্প্ৰসাৰণ সম্পূৰ্ণ কৰা হৈছে আৰু লগতে মত্স্য কৃষিৰো সম্প্ৰসাৰণ কৰা হৈছে। আনহাতে, উন্নত কৃষি পদ্ধতি আৰু বহনক্ষম প্ৰৱন্ধন অনুশীলনৰ সৈতে মাছৰ উত্পাদন ক্ষমতা বৃদ্ধি কৰাৰ জৰিয়তে ঊৰ্ধাৰ্ধ সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

বৰ্তমান সময়ত সম্পদৰ উন্নয়ন আৰু প্ৰৱন্ধনৰ স্থিতি

যদিও ৰাজ্য খনত মত্স্য উত্পাদনৰ সম্ভাৱনা অত্যধিক বেছি, ইয়াত কিন্তু একেবাৰে অলপ অংশতহে বৈজ্ঞানীক কৌশল অৱলম্বন কৰি থকা হৈছে। কিছুমান বিল আৰু বানপ্ৰৱন এলেকাত কৃষ্টি ভিত্তিক সংগ্ৰহ মীন সমূহৰ বিকাশ কাৰ্য্যসুচী ৰূপায়ন কৰি থকা হৈছে যাৰ ফলত এনে স্থান সমূহত মাছৰ উত্পাদন বহু পৰিমাণে বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে যি প্ৰতি বছৰে প্ৰতি হেক্টৰত প্ৰায় ১৬০০কিলোগ্ৰাম হবগৈ।

কোনো বিশেষ হ্স্তক্ষেপ নকৰাকৈ নদী সমূহত কিছু সংৰক্ষণমূলক চেষ্টাৰেই নদীমাতৃক মীনমহল সমূহ ব্যৱহাৰ কৰি থকা হৈছে। ৰাজহ মীন সমূহ, সেইয়া হৈছে নদী আৰু বিল ইত্যাদি সমূহ বৰ্তমান অসম মীন উন্নয়ন নিগম লিমিটেড, মীন প্ৰশাসনীয় বিভাগ, অসম চৰকাৰ, উপায়ুক্ত আৰু মহকুমা ৰিষয়া(অসামৰিক) আৰু পঞ্চায়তৰ অধীনত থাকে যি ব্যক্তি/সমবায় সমিতি সমূহক লীজত প্ৰদান কৰা হয়।

জল ক্ষেত্ৰৰ সৈতে জল সম্পদ:

নদী মীন মহলঃ মুখ্য নদী ২খন, উপনৈ- ৫৩৪৮২০(কিলোমিটাৰ)

ক্ৰমিক নংসমলসংখ্যাজল বহুল এলেকা

বিল/অক্স-বৌ হ্ৰদ

পঞ্জীকৃতঃ ৪৩০, অপঞ্জীকৃতঃ৭৬৭

৬০২১৫(হেক্টৰ), ৪০৬০০(হেক্টৰ)

 

বনাঞ্চলীয় মীন

৭১

৫০১৭(হেক্টৰ)

 

পৰিত্যক্ত জলীয় এলেকা /পিটনি/বান প্ৰৱল এলেকা

৩৮৮২

১১৬৪৪৪(হেক্টৰ)

জল ভাণ্ডাৰ মীন

২৫৫৩(হেক্টৰ)

 

ব্যক্তিগত পুখুৰী

৩৬৯৩০৪

৫৬৫৬৬(হেক্টৰ)

 

সমূহীয়া টেংক

৬৩২৮

৫১৫২(হেক্টৰ)

 

 

শেহতীয়া পাঁচ বছৰত মাছ আৰু মত্স্য বীজ উত্পাদন

বৰ্ষমাছৰ উত্পাদন (লাখ মেট্ৰিক টনৰ হিচাপত)মত্স্য বীজ উত্পাদন (মিলিয়ন সংখ্যক-সৰু পোনা)

২০১২-১৩

২.৫৪

৪৩৬৪

 

২০১৩-১৪

২.৬৭

৪৫৪৬

 

২০১৪-১৫

২.৮২

৪৫৮৫

 

২০১৫-১৬

২.৯৪

৫৬৭৮

 

২০১৬-১৭

৩.০৭

৬৭৫৮