ৰোগ হৈছে মত্স্য কৃষি বিকাশৰ ক্ষেত্ৰত দেখা দিয়া এক প্ৰধান সমস্যা আৰু ই বৰ্তমান বিশ্বৰ বহুবোৰ দেশৰ অৰ্থনৈতিক আৰু লগতে আৰ্থ-সামাজিক উন্নয়নক প্ৰভাৱিত কৰা এক বিশেষ কাৰণ হিচাপে চিহ্নিত হৈছে। মত্স্য উদ্যোগৰ বিকাশ, ইয়াৰ কৃষি উত্পাদনৰ উন্নয়ন আৰু মত্স্য সম্পদ বৃদ্ধিৰ বাবে মত্স্য ৰোগ প্ৰতিৰোধ কৰাটো অত্যন্ত প্ৰয়োজনীয়। কিন্তু মাছবোৰ পানীত থাকে বাবেই ইয়াৰ ৰোগ সমূহ প্ৰাথমিক পৰ্য্যায়তে ধৰা পোলোৱাটো অতি কঠিন আৰু যদি ধৰাও পেলোৱা হয় তেনেহলে মত্স্য উত্পাদন ব্যৱস্থাটোক ক্ষতি নকৰাকৈ ৰুগীয়া মাছ সমূহৰ প্ৰতিকাৰ কৰাটোও কিছু কঠিন। গতিকে, মত্স্য পালন ক্ষেত্ৰত চিকিত্সাতকৈ প্ৰতিষেধকক অধিক গুৰুত্ব প্ৰদান কৰা হয়।
যেতিয়াই এনে ৰোগৰ ভয়াবহতা বৃদ্ধি পায় বা স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে তেনেহলে, লগে লগেই বিভাগীয় বিষয়া বা কাৰিকৰী ব্যক্তিক যোগাযোগ কৰিব লাগে।
“জলচৰ প্ৰাণীৰ ৰোগৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যবেক্ষণ কাৰ্য্যক্ৰম”ৰ অধীনত তলত উল্লেখ কৰা ঠিকনা সমূহত কৃষক সকলে এনে ৰোগৰ সংক্ৰান্তত পোনপটিয়াকৈ যোগাযোগ কৰিব পাৰে।
প্ৰধান,
আই.চি.এ.আৰ.-চি.আই.এফ.আৰ.আই. আঞ্চলিক কেন্দ্ৰ,
হাউচফেড কমপ্লেক্স
দিছপুৰ (লাষ্ট গেট), গুৱাহাটী- ৭৮১০০৬, অসম
কাৰ্য্যালয়ৰ ফোন নং- ০৩৬১-২২২৪৮৯৩/২২২৮৪৮৬
ফেক্সঃ ০৩৬১ ২২২৮৪৮৬
ইমেইলঃ cifrighy@gmail.com
ড. বিনোদ কলিতা
অধ্যাপক আৰু বিভাগীয় মুৰুব্বী (মত্স্য কৃষি)
মীন মহাবিদ্যালয়, ৰহা
মোবাইলঃ ৯৮৬৪২ ৪৪৪৭৭