মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

সফল গাথা

গুৱাহাটীৰ উলুবাৰীস্থিত মীন বীজ পামত চেনিপুঠিৰ প্ৰজনন সম্পাদন

চেনিপুথি হৈছে সঠিক হাৰত বিকশিত হোৱা কাপ প্ৰজাতি মধ্যাকৃতিৰ মাছ। ই হৈছে কাইটিয়া প্ৰকাৰৰ মাছৰ ভিতৰত অতি জনপ্ৰিয় আৰু সোৱাদভৰা। ১০০-২০০ গ্ৰামৰ আকাৰতো ইয়াক অতি উচ্চ দামত বিক্ৰী কৰিব পাৰি। এইবিধ মাছ অসমৰ বহুতো পুৰণি সাধুকথা, ফকঁৰা-যোজনা আৰু সংগীতৰ সৈতে সম্বন্ধিত, কোনো লোকৰ সৌন্দৰ্য্যতাক বুজাবলৈ এই বিধ মাছৰ নাম প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল।

কিছু দশক পূৰ্বে, প্ৰাকৃতিক জল ভাণ্ডাৰ সমূহত এই বিধ মাছ যথেষ্ট পৰিমাণে উপলব্ধ আছিল আৰু গাঁও অঞ্চলত বৰষি মাৰি এই মাছ ধৰাটো এক জনপ্ৰিয় ক্ৰীড়া আছিল। কিন্তু বিগত কেবাটাও দশকত এই মাছৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পায় আৰু বৰ্তমান সময়ত এই মাছ প্ৰাকৃতিক জল ভাণ্ডাৰ সমূহত লাভ কৰাটো অতি দূৰ্লভ হৈ পৰিছে।

২০১৪ বৰ্ষত গুৱাহাটীৰ উলুবাৰীস্থিত এই মীন বীজ পামত(বিভাগীয় পাম) চেনিপুথিৰ পৰীক্ষামূলক প্ৰজনন কাৰ্য্যৰ প্ৰথমটো প্ৰয়াস কৰা হৈছিল। অসমৰ প্ৰাকৃতিক জল ভাণ্ডাৰ সমূহৰ পৰাই প্ৰজননকাৰী চেনিপুথি সমূহ সংগ্ৰহ কৰা হৈছিল। ইয়াৰ পোনা সমূহ কিছুমান উন্নয়নশীল মত্স্য কৃষকক, কৃষিৰ বাবে বিভাগীয় পাম সমূহক আৰু কিছুমান মন্দিৰৰ পুখুৰীত সংৰক্ষণৰ বাবে বিতৰণ কৰা হয়। এই প্ৰজাতিৰ সংখ্য বৃদ্ধি কৰাৰ উদ্দেশ্যৰে প্ৰতিবছৰে ইয়াৰ প্ৰজনন প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে।

Downloads
TitleSizeDetail
1 Breeding of Cheni Puthi.pdf562.95 KBswf-image
2 Aquatourism at Jasingfa.pdf380.76 KBswf-image
3 Sri Puwaram Boro.pdf209.06 KBswf-image
4 Lakhimpur Anchalik Meen Mahal Samity .pdf210.97 KBswf-image
5 PRASANNA RABHA.pdf294.15 KBswf-image