মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

ই-প্ৰশাসনিক পদক্ষেপ সমূহ

এন.ই.জি.পি.-এ.ৰ অধীনত অসমৰ মীন সঞ্চালকালয়ে ইতিমধ্যেই ই-প্ৰশাসনিক প্ৰকল্প ৰূপায়ন কৰিছে। ইয়াৰ বাবে কামৰূপ(মীন ভৱন-ৰাজ্যিক তথ্য কাৰ্য্যালয় কোষ), জিলা মীন উন্নয়ন কাৰ্য্যালয়, নগাঁও আৰু নলবাৰীৰ জিলা মীন উন্নয়ন কাৰ্য্যালয়ত আই.টি./আই.চি.টি. প্ৰযুক্তি ব্যৱহাৰ কৰি কৃষক কেন্দ্ৰীক সেৱা প্ৰদানৰ ক্ষেত্ৰত সেৱা প্ৰদান পদ্ধতিৰ উন্নয়নৰ বাবে পৰীক্ষণমূলক ক্ষেত্ৰ স্থাপন কৰা হৈছে।

শেহতীয়াকৈ মীন সঞ্চালকাল, অসমে ই-অধিক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু আৰ.আই.ডি.এফ.ৰ অধীনত ৬টা প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছে, সেইয়া হল, মতিলুং মাছৰ বীজ পামৰ(গোৱালপাৰা) উন্নয়ন, বতালিখোচা বিলৰ উন্নয়ন(যোৰহাট),তুলুঙীয়াত(বঙাইগাঁও) মাছৰ বজাৰ বিপণন নিৰ্মাণ কৰা, পদুম পুখুৰী মত্স্য বীজ পামৰ(মৰিগাঁও) নৱীকৰণ কৰা, হাজাৰা মত্স্য বীজ পামত(শোনিতপুৰ) ৰাজ্যিক উমনি বেংক পামৰ প্ৰতিষ্ঠা কৰা আৰু পখৰা মতস্য বীজ পামৰ(নলবাৰী) উন্নয়ন সাধন কৰা আদি সকলোবোৰ সম্পৰ্কত www.assamtenders.gov.in ৱেবচাইটত উল্লেখ কৰা হৈছে।