মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

মাজুলী উন্নয়ন কাৰ্য্যক্ৰম

মাজুলী উন্নয়ন কাৰ্য্যক্ৰমৰ অধীনত দুটাকৈ উপ-আঁচনি আছেঃ

ক) বীজ বেংক কাৰ্য্যক্ৰমঃ লক্ষ্য কৰি লোৱা এলেকা সমূহত মাছৰ বীজ উত্পাদনৰ বাবে ব্যক্তিগত পুখুৰী নিৰ্মাণ কৰা আৰু প্ৰায় ২৮ গৰাকী লোকক উপকৃত কৰিব পৰাকৈ বছৰি প্ৰায় ৬ লাখ ডাঙৰ পোনা উত্পাদন কৰাটো হৈছে এই কাৰ্য্যক্ৰমৰ মূল লক্ষ্য।

খ) বৰ্তি থকা পুখুৰী সমূহৰ নৱীকৰণৰ পাছত মত্স্য উত্পাদন ও গাহৰি পালন কৰাঃ গাহৰি পালনৰ অভিজ্ঞতা সম্পন্ন ব্যক্তিক অগ্ৰাধিকাৰ প্ৰদানৰ জৰিয়তে মত্স্য-গাহৰি পালনৰ বাবে আগ্ৰহি ব্যক্তিগত কৃষক/প্ৰতিপালক/যুৱকক এই আঁচনিৰ অধীনত লক্ষ্য কৰি লোৱা হয়। এই আঁচনিৰ মূল উদ্দেশ্য হল একেখিনি ঠাই ব্যৱহাৰ কৰি বহু জাতক উত্পাদন লাভ কৰা অৰ্থাত্ মাছ, গাহৰি ইত্যাদি, যাৰ জৰিয়তে একেটা এককৰ পৰাই উপাৰ্জনৰ হাৰ বৃদ্ধি হোৱাৰ লগতে মত্স্য উত্পাদন খৰচো হ্ৰাস পাব।