মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

মীন বিভাগৰ অধীনত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (আৰ.কে.ভি.ওৱাই.) ৰ ৰূপায়ন

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ(এন.ডি.চি.) দ্বাৰা মুকলি কৰা কেন্দ্ৰৰ বিশেষ অতিৰিক্ত সাহাৰ্য্যৰ এক ৰাজ্যিক পৰিকল্পনা।

এই আঁচনিৰ মূল উদ্দশ্য সমূহ হৈছেঃ

১. কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰত ৰাজহুৱা বিনিয়োগ বৃদ্ধি কৰাৰ বাবে ৰাজ্যক উত্সাহিত কৰা

২. কৃষি আৰু ইয়াৰ আনুষংগিক আঁচনি সমূহৰ কাৰ্য্যকৰণ আৰু পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য সমূহক নমনীয়তা আৰু স্বাধীনতা প্ৰদান কৰা

৩. জিলা সমূহ আৰু ৰাজ্যৰ বাবে কৰা কৃষিজাত পৰিকল্পনা সমূহৰ প্ৰস্তুতি যাতে কৃষি-জলবায়ু সাপেক্ষ, উপলব্ধ প্ৰযুক্তিবিদ্যা আৰু প্ৰাকৃতিক সম্পদ ভিত্তিক হয় এই বিষয়ে সুনিশ্চিত হোৱা

৪. ৰাজ্যৰ কৃষিজাত পৰিকল্পনাৰ জৰিয়তে স্থানীয় প্ৰয়োজন/শস্য/অগ্ৰাধিকাৰ সমূহ ভালদৰে ফুটি উঠাটো নিশ্চিত কৰা

৫. গুৰুত্ব প্ৰদানকাৰী হস্তক্ষেপৰ জৰিয়তে গুৰুত্বপূৰ্ণ শস্য উত্পাদনৰ যি ব্যৱধান সেইয়া হ্ৰাস কৰাৰ লক্ষ্যত উপনীত হোৱা

৬. কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰ সমূহৰ কৃষক সকল সৰ্বাধিক লাভান্বিত হোৱা

৭. কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰৰ বিভিন্ন উপাদন সমূহ সামগ্ৰিকভাৱে উত্থাপন কৰি এই উপাদন সমূহৰ উত্পাদন আৰু উত্পাদন ক্ষমতাৰ উল্লেখনীয় পৰিবৰ্তন সাধন কৰা